ছাত্ৰীক নিৰ্যাতনৰ ঘটনাক লৈ উত্তপ্ত খোৱাং আৰক্ষী থানা - Student sexual assault case - STUDENT SEXUAL ASSAULT CASE
🎬 Watch Now: Feature Video


Published : May 23, 2024, 6:29 PM IST
মৰাণ,২৩ মে': ডিব্ৰুগড়ৰ খোৱাঙত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে ৷ যাক কেন্দ্ৰ কৰি খোৱাং আৰক্ষী থানাত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে । ভুক্তভোগী ছাত্ৰীৰ পৰিয়াল আৰু একাংশ ৰাইজে থানা ঘেৰাও কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে । অভিযোগ অনুসৰি ডিব্ৰুগড়ৰ নিগম পাঁচআলিৰ গাঁওৰক্ষী বাহিনীৰ সদস্য ৰজত চেলেঙে খোৱাং কলৌলোৱাৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বুধবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ সময়তে নিজান পথত প্ৰহাৰ কৰে ।
ছাত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰাৰ পিছতে বৃহস্পতিবাৰে খোৱাং আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে । একেজন লোকে কিছুদিন পূৰ্বে ছাত্ৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা চলাইছিল বুলিও অভিযোগ কৰিছে ভুক্তভোগী ছাত্ৰী আৰু পৰিয়ালে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত ৰজত চেলেঙক গ্ৰেপ্তাৰ কৰিছে ।