thumbnail

তেজপুৰত ৰাজ্যিক নিৰ্বাচনৰ আইকন কে কে আৰু মোহন - State election icons KK and Mohan

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 8:56 PM IST

Updated : Apr 10, 2024, 10:34 PM IST

তেজপুৰ,১০ এপ্ৰিল:  ভোটাৰক সজাগ কৰাৰ উদ্দেশ্যেৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উপস্থিত হৈছে ৰাজ্যিক নিৰ্বাচনৰ আইকন অসমৰ জনপ্ৰিয় অভিনেতা কে কেখ্যাত সিদ্ধাৰ্থ শৰ্মা আৰু মোহনখ্যাত দীপজ্যোতি কেওট । মঙলবাৰে তেজপুৰৰ চাৰ্চ ফিল্ডত অনুষ্ঠিত শোণিতপুৰ নিৰ্বাচনী জিলাৰ বিষয়াসকলৰ উপস্থিতিত প্ৰায় ৬০০ লোকৰ সন্মুখত বিহু গীত গাই ভোটাৰসকলক সজাগ কৰাৰ প্ৰয়াস কৰে অভিনেতা দুগৰাকীয়ে ।  

ভোটাধিকাৰৰ কথা সম্বলিত বিহুগীতেৰে দৰ্শকক আমোদ দিয়াৰ লগতে শোণিতপুৰ জিলাৰ নিৰ্বাচনী বিষয়াৰ দ্বাৰা পৰিচালিত SVEEP কাৰ্যসূচীৰ শলাগ লয় আইকনদ্বয়ে । এই অনুষ্ঠানতে তেজপুৰৰ জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ শিল্পীৰ এটা দলেও দেশপ্ৰেমমূলক নৃত্য প্ৰদৰ্শন কৰে । কাৰ্যসূচীত নিৰ্বাচনী বিষয়া ইভা দাস, জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানীফুকন, জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ, এ এছ আৰ এল এমৰ (ASRLM) জিলা প্ৰগ্ৰেম মেনেজাৰ মাহবুবুল আলমৰ লগতে শোণিতপুৰ নিৰ্বাচনী জিলাৰ SVEEP দলৰ সংশ্লিষ্ট বিষয়া আৰু সদস্যসকল উপস্থিত থাকে । লগতে অভিনেতাদ্বয়ে সমূহ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । 

লগতে পঢ়ক: উত্তৰ দিবলৈ সাজু হৈ আছিল লুৰীণজ্যোতি; একোৱেই নক'লে অমিত শ্বাহে - Lok Sabha Election 2024

Last Updated : Apr 10, 2024, 10:34 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.