বঙাইগাঁৱত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানু - কণ্ঠশিল্পী কুমাৰ চানু
🎬 Watch Now: Feature Video


Published : Feb 5, 2024, 7:45 PM IST
বঙাইগাঁও, ৫ ফেব্ৰুৱাৰী : সোমবাৰে আবেলিৰ ভাগত হঠাৎ বঙাইগাঁও জিলাৰ নতুনপাৰাত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ চানু ৷ নতুনপাৰাস্থিত শিৱ মন্দিৰত পূজা অৰ্চনা কৰাৰ বাবে উপস্থিত হয় শিল্পীগৰাকী । শিল্পীগৰাকীৰ সৈতে উপস্থিত থাকে বিটিআৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ পাৰিষদ অৰূপ কুমাৰ দে ।
কুমাৰ চানুক সন্মুখৰ পৰা দেখা পাই বঙাইগাঁৱৰ ৰাইজ উৎফুল্লিত হৈ পৰে । কুমাৰ চানুৰ সৈতে এখন ফটো তুলিবলৈ ৰাইজৰ যথেষ্ট ভিৰ হয় বঙাইগাঁও জিলাৰ নতুনপাৰাত । অসমলৈ আহি কুমাৰ চানুৱে মন্তব্য কৰে যে তেওঁৰ অতিকৈ প্ৰিয় স্থান অসম । ৰাম মন্দিৰলৈ যোৱাৰ প্ৰসংগত কুমাৰ চানুৱে কয় যে যেতিয়া ভগৱান ৰামে মাতিব তেতিয়াই ৰাম মন্দিৰলৈ যোৱা হ’ব ৷ বঙাইগাঁৱৰ পৰা পোনে পোনে গুৱাহাটীলৈ ৰাওনা হোৱাৰ কথা কণ্ঠশিল্পীগৰাকী ৷
লগতে পঢ়ক : সামৰণি পৰিল ৰাষ্ট্ৰীয় পাদদেশীয় নাট মহোৎসৱ