শিল্পীসকলক পৰামৰ্শ বিজেপি নেতা সীমান্ত শেখৰৰ

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী, 10 মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি পুনৰ আৰম্ভ হ’ল দল-সংগঠনৰ প্ৰতিবাদ ৷ সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ তথা কণ্ঠশিল্পী সীমান্ত শেখৰে ।

তেওঁ কয়, ‘‘ ‘কা’ৰ সন্দৰ্ভত ক’বলগীয়া একোৱে নাই । এটাই ক’বলগীয়া আছে সেইটো হৈছে 'কা' আমি সকলোৱে মানো । দুটা পলিচী আছে, যি পলিচীৰ পৰা আমাৰ যিসকল শিল্পী আছে বিশেষকৈ সন্মানীয় আমি ভালপোৱা যিসকল শিল্পী আছে সকলোকে এটা কথাই ক’ব বিচাৰিছোঁ- আপোনালোক সাৱধান হ’ব । Use Artiste বুলি এটা পলিচী আছে ।’’

পৰোক্ষভাৱে জুবিন গাৰ্গ আৰু ‘কা’বিৰোধী শিল্পীক কটাক্ষ কৰি সীমান্ত শেখৰে কয়, ‘‘Use Artiste Policy কোনে কৰি আছে সকলোৱে জানে । সেয়ে ইয়াৰ পৰা যাতে এইবাৰ শিল্পীসকল সাৱধান হৈ থাকে । কংগ্ৰেছৰ দিনত আছিল Look East Policy আৰু বিজেপিৰ দিনত Act East Policy. যিটো সকলোৱে গম পায় ।  ঠিক তেনেদৰে শিল্পীসকলৰ ক্ষেত্ৰতো Act Artiste আৰু Use Artiste Policy বেলেগ বেলেগ ধৰণৰ ।’’

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা এজন অগতান্ত্ৰিক মনৰ মানুহ: শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.