মুখ্যমন্ত্ৰীক আদৰিবলৈ সম্পূৰ্ণভাৱে সাজু শ্যাম গাওঁবাসী - CM To Visit Shyam Village

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 5:15 PM IST

সৰুপথাৰ,১৩ ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আদৰিবলৈ সম্পূৰ্ণভাৱে সাজু হৈছে শ্যাম গাঁৱৰ ৰাইজ । সাজু হৈছে সৰুপথাৰৰ ৰাইজ । ব্যস্ত প্ৰশাসন তথা বিজেপি দলীয় কৰ্মী । 'গাঁও চলো' অভিযানৰ উদ্দেশ্যে ১নং ৰজাপুখুৰী শ্যাম গাঁৱলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী । গাঁওখনত বিৰাজ কৰিছে এক উদুলি-মুদুলি পৰিৱেশ । সজাই পৰাই তুলিছে তেওঁলোকৰ উপাসনাস্থলী বৌদ্ধ বিহাৰৰ লগতে সমগ্ৰ গাঁওখন ।  

জনজাতীয় গাঁওখনত ৰাইজে বাট-পথসমূহ চাফ-চিকুন কৰি ন-ৰূপ দিছে । যোগাৰ কৰিছে বিভিন্ন জনজাতীয় থলুৱা খাদ্য । কাইলৈ বিয়লি মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব । ১৪ ফেব্ৰুৱাৰীৰ নিশা শ্যাম গাঁৱতে চাংঘৰত নৈশ যাপন কৰিব । গাঁওবাসীৰ সৈতে মত বিনিময় কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । ১৫ ফেব্ৰুৱাৰীৰ দিনা অংচা জিলদৈ শ্যাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীক আদৰিবলৈ সাজু সৰুপথাৰ শ্যাম গাঁৱৰ ৰাইজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.