নৃত্যশিল্পী অঞ্জলি বৰবৰা বৰঠাকুৰক শ্ৰী জয়দেৱ ৰাষ্ট্ৰীয় বঁটা প্ৰদান - Shri Jayadev National Award

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 7:20 AM IST

thumbnail
নৃত্যশিল্পী অঞ্জলি বৰবৰা বৰঠাকুৰ (ETV Bharat Assam)

যোৰহাট, ১০ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল সত্ৰীয়া নৃত্যশিল্পী অঞ্জলি বৰবৰা বৰঠাকুৰ । অঞ্জলি বৰবৰা বৰঠাকুৰক নৃত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ওড়িশাত 'শ্ৰী জয়দেৱ ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰা হয় । সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰা বিশিষ্ঠ নৃত্য শিল্পীগৰাকীক যোৱা ৪ ছেপ্টেম্বৰত ভূৱনেশ্বৰৰ ভাঞ্জা কলা মন্দিৰত আয়োজন কৰা এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ।

কেইবাটাও ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় বঁটা তথা স্বীকৃতি লাভ কৰা শিল্পীগৰাকীয়ে আন এক বঁটাৰে গৌৰৱ কঢ়িয়াই আনিলে যোৰহাটলৈ । ওড়িশাৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত ৰাষ্ট্ৰীয় সাংস্কৃতিক মিছনে আগবঢ়োৱা বঁটাটো গ্ৰহণ কৰি অনুষ্ঠানটোত তেওঁৰ লগতে পাঁচগৰাকী ছাত্ৰীয়ে সত্ৰীয়া নৃত্য পৰিবেশন কৰে ।  

উল্লেখযোগ্য যে, বৰঠাকুৰে ইতিপূৰ্বে সংগীত নাটক একাডেমীৰ ‘‘বিছমিল্লা খা যুৱ বঁটা’’ লাভ কৰাৰ উপৰিও চলিত বৰ্ষত অসম সাহিত্য সভাৰ আন এক উল্লেখযোগ্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । তৰাজান সোণাৰি গাঁৱৰ এইগৰাকী নৃত্য়শিল্পীয়ে বৰ্তমান যোৰহাটৰ নৃত্য বিদ্যালয় নৃত্যঞ্জলীৰ সঞ্চালিকা হিচাপে কৰ্মৰত হৈ আছে ।

লগতে পঢ়ক:গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ আউনীআটী সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা ২০২৩ ঘোষণা - Srimanta Sankardeva research Award

মুকাভিনয় শিল্পী মইনুল হকলৈ সন্মানীয় গুৰুদক্ষিণা বঁটা 2024 - Gurudakshina Award Moinul Haque

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.