চাউলভৰ্তি বাহন দোকানৰ সন্মুখত ৰখোৱাক লৈ ৰঙিয়াত মাৰপিটৰ ঘটনা
🎬 Watch Now: Feature Video
ৰঙিয়া, ৩ মার্চ : ৰঙিয়াৰ ধেপাৰগাঁৱত সংঘটিত হৈছে এক মাৰপিটৰ ঘটনা । চাউলভৰ্তি এখন বাহন দোকানৰ সন্মুখত ৰখোৱা বাবেই লংকাকাণ্ড সংঘটিত কৰিলে হাৰ্ডৱেৰ দোকানৰ স্বত্বাধিকাৰীয়ে । ঘটনাৰ বিৱৰণী অনুসৰি শনিবাৰে সন্ধিয়া ধেপাৰগাঁৱত সুলভ মূল্যৰ দোকানৰ বাবে এখন বাহনত কঢ়িয়াই আনিছিল চাউল । চাউলভৰ্তি বাহনখন সুলভ মূল্যৰ দোকানৰ সন্মুখত ৰখোৱাৰ সলনি হাৰ্ডৱেৰ দোকানৰ সন্মুখত ৰখায় । এই কাৰ্যত খঙত অগ্নিশৰ্মা হৈ উঠে হাৰ্ডৱেৰ দোকানখনৰ স্বত্বাধিকাৰী ।
হাৰ্ডৱেৰ দোকানখনৰ স্বত্বাধিকাৰীয়ে কোনো কথাৰ অৱতাৰণা নকৰাকৈ আক্ৰমণ কৰে সুলভ মূল্যৰ দোকানৰ স্বত্বাধিকাৰীক । যাৰ ফলত গুৰুতৰভাৱে আহত হয় মাদৈকাটা গাঁৱৰ নিবাসী তথা সুলভ মূল্যৰ দোকানী চাহনুৰ আলী (৬০) । পিছত গুৰুতৰভাৱে আহত চাহনুৰক চিকিৎসালয়ত ভৰ্তি কৰায় স্থানীয় ৰাইজে ।
ইফালে, ঘটনা সন্দৰ্ভত হাৰ্ডৱেৰ দোকানৰ স্বত্বাধিকাৰী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে লোহাৰ পাইপেৰে আক্ৰমণ কৰা আৰু ভাতৃয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ তুলি কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকীত সুলভ মূল্যৰ দোকানৰ স্বত্বাধিকাৰীয়ে গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক:পুখুৰীত উপঙি থকা অৱস্থাত দেৱান বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ