ধুবুৰীত ব্ৰহ্মপুত্ৰৰ মাজত ২ ঘন্টা আবদ্ধ জাহাজ - Ship stranded in Brahmaputra

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 6:24 PM IST

thumbnail
http://10.10.50.80:6060///finalout3/assam-nle/finalout/02-July-2024/21851132_kjjj_aspera.mp4 (ETV BHARAT ASSAM)

ধুবুৰী, ২জুলাই: ধুবুৰীত মঙলবাৰে ব্ৰহ্মপুত্ৰত অঘটন । প্ৰায় ২ ঘন্টা ধৰি নদীৰ মাজত আবদ্ধ হৈ থাকিল এম ভি লিঙ্গিৰি অসম ২৫০৬ নামৰ জাহাজখন । শতাধিক যাত্ৰী কঢ়িয়াই নিয়া এই জাহাজখন আজি পুৱা ৮ বজাত দক্ষিণ শালমাৰাৰ বুঢ়া-বুঢ়ী ঘাটৰ পৰা যাত্ৰা কৰিছিল ধুবুৰীলৈ । নদীৰ মাজত চৰত পানী কম থকা বাবে জাহাজখন মাটিত লাগি ধৰাত যাত্ৰীসকল আৱদ্ধ হৈ পৰে । যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত স্থানীয় নাৱেৰে উদ্ধাৰ কৰা হয় বহুতো যাত্ৰীক । একাংশ জাহাজখনতেই থাকে ।

অৱশেষত চালকে জাহাজখন দুপৰীয়া ১২.৩০ বজাত যাত্ৰীসহ উপস্থিত কৰাই ধুবুৰীত । একাংশ যাত্ৰীয়ে অভিযোগ উত্থাপন কৰি কয় যে জাহাজখনৰ চালকৰ ভুলৰ বাবে সংঘটিত হৈছে এই ঘটনাটো । 

লগতে পঢ়ক:ইঞ্জিন বিকল : ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ ফেৰী

মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন - MAJULI BOAT ACCIDENT

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.