দ’ খাৱৈত বাগৰি পৰিল শিশুসহ যাত্ৰী ভৰ্তি বাহন - Road accident in Sarthebari

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 12:29 PM IST

thumbnail
দ’ খাৱৈত বাগৰি পৰিল শিশুসহ যাত্ৰী ভৰ্তি বাহন (ETV Bharat)

বৰপেটা, 29 জুলাই: বৰপেটা জিলাৰ সৰ্থেবাৰীত এক শোকাৱহ ঘটনা ৷ সোমবাৰৰ পুৱাই যাত্ৰী কঢ়িওৱা এখন বাহন বাগৰি পৰে খাৱৈত । জানিব পৰা মতে, সৰ্থেবাৰীৰ বেঙাপাৰাত ব’লব’মলৈ গৈ থকা অৱস্থাত খাৱৈত বাগৰি পৰে AS 01 DE 9477 নম্বৰৰ ছুইফট ডিজায়াৰ বাহনখন । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰত চালকজনৰ লগতে আছিল দুগৰাকী মহিলাৰ লগতে পাঁচটাকৈ শিশু । 

সৰভোগৰ বেকী নদীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো । জানিব পৰা মতে, একেটা পৰিয়ালৰে আছিল যাত্ৰীকেইগৰাকী । ব’লব’মলৈ যোৱা অন্য এখন গাড়ীয়ে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰে আৰু লগে লগে বাহনখনৰ ভিতৰত থকা যাত্ৰীসকলক উদ্ধাৰ কৰি সৰ্থেবাৰী চিকিৎসালয়লৈ লৈ যায় । ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হয় ।

লগতে পঢ়ক: বঙাইগাঁৱত ভয়ংকৰ বাছ দুৰ্ঘটনা : থিতাতে নিহত এজন, আহত ১৫ গৰাকী - Bus Accident

লখিমপুৰত ডাম্পাৰৰ চেপাত বৃদ্ধাৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.