শদিয়াত পুৱাই দ’ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ - Bus accident in NH 115 of Sadiya - BUS ACCIDENT IN NH 115 OF SADIYA
🎬 Watch Now: Feature Video


Published : Jul 1, 2024, 11:21 AM IST
তিনিচুকীয়া, 1 জুলাই: সোমবাৰৰ পুৱাই 115 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৷ তিনিচুকীয়া জিলাৰ শদিয়াৰ 115 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাৰ ঘটনাটো ৷ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ ৷
জানিব পৰা মতে, শদিয়াৰ পৰা তিনিচুকীয়া অভিমুখে আহি আছিল AS-23 CC-1387 নম্বৰৰ প্ৰিয়াংশু নামৰ বাছখন ৷ তিনিচুকীয়া অভিমুখে আহি থকা অৱস্থাতে চপাখোৱা গাঁৱত দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন ৷ বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দাঁতিত থকা দ’ খাৱৈত বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷
দুৰ্ঘটনাটোৰ ফলত বাছৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে অন্য কেইবাগৰাকীও যাত্ৰী কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে অভিযোগ কৰা মতে উক্ত স্থানটোত পথ নিৰ্মাণত বিসংগতি থকাৰ বাবেই প্ৰায়েই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷