কলিয়াবৰত হঠাৎ কিয় আৰক্ষীয়ে মাতি নিলে 13 জনকৈ প্ৰাক্তন আলফা সদস্যক - ex ulfa member Summoned

🎬 Watch Now: Feature Video

thumbnail

কলিয়াবৰ, 16 আগষ্ট: কলিয়াবৰত 13 জন প্ৰাক্তন আলফা সদস্যক তলব কৰিছে আৰক্ষীয়ে । কলিয়াবৰ আৰক্ষী নিৱেশলৈ 5 জন, জখলাবন্ধা থানালৈ 2 জন আৰু উলুৱনী আৰক্ষী থানালৈ 6 জনক সোধ-পোছাৰ বাবে মাতিছে আৰক্ষীয়ে । অৱশ্যে কি কাৰণত আৰক্ষীয়ে থানালৈ মাতিছে সেই সন্দৰ্ভত অৱগত নহয় প্ৰাক্তন আলফা সদস্যসকল । 

ইয়াৰে 9 জনক আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশা নিজ নিজ বাসগৃহৰ পৰাই আটক কৰিছে বুলি জানিব পৰা গৈছে । শুকুৰবাৰৰ দিনৰ ভাগত কলিয়াবৰ আৰক্ষী নিৱেশ চৌহদত একাংশ প্ৰাক্তন আলফা সদস্যই সতীৰ্থসকলক কি কাৰণত আৰক্ষীয়ে তলব কৰিছে তাকে জানিবলৈ ভিৰ কৰিছে যদিও আৰক্ষীয়ে একো জনোৱা নাই বুলি তেওঁলোকে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে । 

আটকাধীন প্ৰাক্তন আলফা সদস্যকেইজনৰ নাম দিলীপ বৰা, অজিৎ শইকীয়া, কৰুণা বৰা, বিচিত্ৰ বৰুৱা, হীৰেন নাথ, ৰমেন বৰুৱা, চন্দ্ৰ গোহাঁই, মণি নাথ, ৰবীন বৰা, অনন্ত বৰা, প্ৰাণজিৎ শইকীয়া আৰু দ্বীপেন বৰা ।

লগতে পঢ়ক: আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 25 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

নগাঁৱৰ বৰঘাট বাইপাছত পলিথিনৰ ভিতৰত সন্দেহযুক্ত সামগ্ৰী: বোমাৰ বিচাৰি অভিযান অব্যাহত আৰক্ষীৰ - ULFA I bomb plans

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.