অপৰিৱৰ্তিত কাজিৰঙাৰ বান পৰিস্থিতি, কেবাটাও বন্যপ্ৰাণী উদ্ধাৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 10:46 PM IST

thumbnail
বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা (ETV BHARAT ASSAM)

কাজিৰঙা, 4 জুলাই : বছৰটোৰ প্ৰথমটো বানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৷ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন লোকৰ ঘৰ-বাৰীৰ ক্ষতিসাধন কৰিছে ৷ বানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ 90 শতাংশ এলেকা বাঢ়নী পানীত বুৰ যোৱাত একাংশ বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছে উদ্যানৰ হাইলেণ্ডসমূহত ৷

ইফালে নিৰাপদ আশ্ৰয়ৰ সন্ধানত বিভিন্ন বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ পৰা ওলাই আহি আশ্ৰয় লৈছে উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে কাৰ্বি পাহাৰত ৷ এই বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্নজনে দিন-ৰাতি একাকাৰ কৰিছে ৷ আনহাতে বানত আবদ্ধ হৈ অথবা উদ্যানৰ দক্ষিণ দিশৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰোঁতে আঘাতপ্ৰাপ্ত বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰিছে বনবিভাগৰ দলে ৷ হাতী পোৱালি, মাতৃৰ পৰা বিচ্ছিন্ন গঁড় পোৱালি, হৰিণা আদিকে ধৰি কেবাটাও বন্যপ্ৰাণী ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৷ 
 

লগতে পঢ়ক : দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.