লাহোৱালৰ চেঁচা নৈত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Deadbody Recovered

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:36 PM IST

thumbnail
লাহোৱালৰ চেঁচা নৈত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য (ETV Bharat Assam)

ডিব্ৰুগড়,৬ জুন: ডিব্ৰুগড়ৰ লাহোৱালৰ চেচাঁ নৈত ৩ জুনত সংঘটিত হৈছিল এক ভয়ংকৰ অঘটন । ঘটনা অনুসৰি লাহোৱালৰ চুবল কুমাৰ নাহাক নামৰ ৬০ উৰ্দ্ধৰ এজন ব্যক্তিয়ে চেঁচা নৈত জাঁপ দিয়াক লৈ লাহোৱালত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল । ব্যক্তিজনে ব্যৱহাৰ কৰা ছাতি আৰু চেণ্ডেল নৈৰ পাৰত উদ্ধাৰ কৰিছিল ৰাইজে । ঘটনাস্থলীত NDRF বাহিনী উপস্থিত হৈ ব্যক্তিগৰাকীক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছিল যদিও কোনো সন্ধান পোৱা নাছিল ।  

কিন্তু বৃহস্পতিবাৰে লাহোৱালৰ চুবল কুমাৰ নাহাক নামৰ ৬০ বছৰীয়া বৃদ্ধগৰাকী তামোলবাৰী চাহ বাগিচাৰ ১ নং লাইনৰ সমীপত অৱশেষত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লাহোৱাল আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব বুলি অৱগত কৰে লাহোৱাল আৰক্ষীয়ে । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.