পখিলা খেদাৰ বয়সত দুৰাৰোগ্যত আক্ৰান্ত বাৰ্বি - Seek Medical Help

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:42 PM IST

thumbnail
পখিলা খেদাৰ বয়সত দুৰাৰোগ্যত আক্ৰান্ত বাৰ্বি (ETV Bharat Assam)

ধেমাজি,৩০ মে': ধেমাজি মাছখোৱাৰ কেছেৰুগুৰি গাঁৱৰ এগৰাকী কণমানি ৷ নাম তাইৰ বাৰ্বি । বয়স এতিয়া পখিলা খেদি উমলি ফুৰাৰ । কিন্তু মাত্ৰ সাত বছৰ বয়সতে নিয়তিৰ পৰিহাস মানি লৈছে কণমানিজনীয়ে ৷ কণমানিজনীক প্ৰয়োজন আপোনাৰ সহায়ৰ ৷ আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৰ কণমানিজনী আক্ৰান্ত এক দুৰাৰোগ্য ৰোগত ৷ সামাজিক মাধ্যমত পোৱা প'ষ্টৰ ভিত্তিত কেছেৰুগুৰি গাঁৱৰ প্ৰণৱ গগৈৰ ঘৰলৈ আহিল চিচিবৰ গাঁৱৰ সমাজকৰ্মী যুৱক নন্দীগিৰি ভূঞা  ৷  

পৰিয়ালটোলৈ সমাজকৰ্মী প্ৰতিষ্ঠিত ব্যবসায়ী নন্দীগিৰি ভূঞাই আগবঢ়ালে পঞ্চাশ হাজাৰ টকাৰ নগদ ধন ৷ আগন্তুক দিনত পিতৃ-মাতৃক তেওঁ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ পিছে বাৰ্বিৰ চিকিৎসাৰ বাবে প্ৰয়োজন আৰু বহু অৰ্থৰ । সেয়ে কণমানিজনীৰ পিতৃ-মাতৃয়ে অসমবাসী ৰাইজৰ পৰা সহায়ৰ লগতে বিচাৰিলে আশীৰ্বাদ ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.