মুখ্যমন্ত্ৰী আহিব: ভাঙি জ্বলাই দিয়া হ’ল চৰকাৰী বিদ্যালয়ৰ চাইকেল ষ্টেণ্ড-জিৰণি চ’ৰা - Lok Sabha Election 2024
🎬 Watch Now: Feature Video
Published : Apr 6, 2024, 6:38 PM IST
তিনিচুকীয়া, 6 এপ্ৰিল : মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰৰ বাবে হেলিপেড নিৰ্মাণ কৰিবলৈ ভাঙি জ্বলাই দিয়া হ’ল বিদ্যালয়ৰ চাইকেল ষ্টেণ্ড আৰু জিৰণি চ’ৰা ৷ তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিং মৌজাৰ বালিজান খেলপথাৰত শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কিন্তু মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে বালিজান মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ এটা চাইকেল ষ্টেণ্ড আৰু জিৰণি চ’ৰা ভাঙি জ্বলাই দিয়াক লৈ চলিছে ব্যাপক চৰ্চা ৷
মুখ্যমন্ত্ৰীৰ আগমন ঘটা হেলিকপ্টাৰ লেণ্ডিং কৰিবলৈ নিৰ্মাণ কৰা হেলিপেডৰ বাবেই ভাঙি জ্বলাই দিয়া হৈছিল জিৰণি চ’ৰাৰ লগতে চাইকেল ষ্টেণ্ডটো ৷ এই ঘটনাক লৈ সাধাৰণ ৰাইজৰ মাজত চৰ্চা অব্যাহত থকাৰ মাজতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতিয়ে বিদ্যালয়ৰ চৌহদত উপস্থিত হৈ প্ৰশাসন তথা নিৰ্বাচন বিভাগক উচিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে ৷