আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া গ্ৰন্থ বিতৰণ সৰুপথাৰ আছুৰ - AASU free book distribution

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 7:38 PM IST

thumbnail
সৰুপথাৰ আছুৰ বিনামূলীয়া গ্ৰন্থ বিতৰণ (ETV Bharat Assam)

সৰুপথাৰ, ৩০ জুলাই : সৰুপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ । সদৌ অসম ছাত্ৰ সন্থাৰ উদ্দেশ্য যে কেৱল ৰাজপথৰ আন্দোলনেই নহয়, ছাত্ৰ-ছাত্ৰীক দিক-দৰ্শনতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেয়া প্ৰকাশ পাইছে এই পদক্ষেপৰ জৰিয়তে ।

সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক কৰ্মসূচীৰ আধাৰত মঙলবাৰে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰ্থিকভাৱে অনগ্ৰসৰ স্নাতক মহলৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠ্যপুথি বিতৰণ কৰে । এই উপলক্ষে সৰুপথাৰৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ সভাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

এই অনুষ্ঠানত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক মেধা সম্পন্ন স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হয় বিনামূলীয়া পাঠ্যপুথি । কাৰ্যসূচীত ধনশিৰি মহকুমাৰ মহকুমাধিপতি শ্ৰেয়া সিংহল মুখ্য অতিথি, বুৰঞ্জী বিভাগৰ অধ্যাপক সত্যব্ৰত দত্ত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে । অনুষ্ঠানত সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিণ্টু গগৈৰ লগতে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :এয়া পৃথিৱীৰ দুৱাৰ খুলি আগবাঢ়ি যোৱাৰ সময় : মনোজ কুমাৰ গোস্বামী - AASU felicitation Ceremony
লগতে পঢ়ক :মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত জনসাধাৰণক সাৱধানতা অৱলম্বনৰ আহ্বান আছুৰ - Meghalaya Taxi Driver Protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.