ডাঃ নয়নজ্যোতি শৰ্মালৈ 'যুৱ সাহিত্য অকাদেমি বঁটা' - Sahitya Akademi Yuva Puraskar 2024 - SAHITYA AKADEMI YUVA PURASKAR 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 5:26 PM IST

Updated : Jun 15, 2024, 6:37 PM IST

নলবাৰী, ১৫ জুন : ২০২৪ বৰ্ষৰ যুৱ সাহিত্য অকাদেমি বঁটাপ্ৰাপকৰ নাম শনিবাৰে ঘোষণা কৰা হৈছে । এইবাৰ যুৱ সাহিত্য অকাদেমি বঁটা  আগবঢ়োৱা হৈছে নলবাৰী জিলাৰ চিকিৎসক তথা সাহিত্য়িক ডাঃ নয়নজ্যোতি শৰ্মালৈ । 'জাল কটা জুই'ৰ শ্ৰষ্টা ডাঃ নয়নজ্যোতি শৰ্মাই অসমীয়া বাতৰি কাকতত নিয়মীয়াকৈ লিখা-মেলা কৰি কম দিনৰ ভিতৰতে এগৰাকী লিখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । এই বঁটা লাভ কৰাৰ পিচতেই নলবাৰীত আনন্দৰ জোৱাৰ উঠিছে ।

চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা নয়নজ্যোতি শৰ্মাই নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত হৈ আছে । উল্লেখযোগ্য যে ২০২২ চনত প্ৰকাশ পাইছে তেওঁৰ প্ৰথমখন গল্প সংকলন 'জাল কটা জুই '। নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্মৰত হৈ আছে নয়নজ্যোতি শৰ্মা । তেওঁ এই বঁটা লাভ কৰাৰ পিচতে সকলো পাঠক-পাঠিকাক কৃতজ্ঞতা জ্ঞাপন কৰে ।  

উল্লেখযোগ্য যে ২০১৬ চনৰ পৰা বাতৰি কাকতৰ মাধ্যমৰে লিখাৰ লগত নিয়মীয়াকৈ জড়িত হৈ আছিছে ডাঃ নয়নজ্যোতি শৰ্মা । নলবাৰীৰ জাপাৰকুছিৰ নয়নজ্যোতি শৰ্মাই সৰুৰে পৰা সাহিত্য়ৰ সৈতে জড়িত হৈ পৰে । 

লগতে পঢ়ক:Sahitya Akademi Award 2023: ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাদেমী বঁটা

ৰঞ্জু হাজৰিকালৈ শিশু সাহিত্য অকাদেমি বঁটা - BAL SAHITYA PURASKAR 2024

 
Last Updated : Jun 15, 2024, 6:37 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.