ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আমিনগাঁৱত একতাৰ দৌৰ - RUN FOR UNITY
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-10-2024/640-480-22788138-thumbnail-16x9-amingaon-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 29, 2024, 8:54 PM IST
আমিনগাঁও: সমাগত ৰাষ্ট্ৰীয় একতা দিৱস । ৰাষ্ট্ৰীয় একতা দিৱসৰ সৈতে সংগতি ৰাখি মঙলবাৰে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কামৰূপৰ আমিনগাঁওস্থিত সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা হাজো চ’কলৈকে ‘একতাৰ দৌৰ’ শীৰ্ষক এক সমূহীয়া দৌৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । আজি পুৱা সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা একতাৰ দৌৰৰ ফ্লেগ অফ কৰে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।
আজিৰ একতাৰ দৌৰত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, খেলুৱৈ, যুৱক-যুৱতীসকল, আৰক্ষীৰ লোককে ধৰি প্ৰায় ৩০০ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে । আজিৰ অনুষ্ঠানত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত আয়ুক্ত কমল বৰুৱা আৰু প্ৰাণজিৎ দেৱ, বিদ্যালয়সমূহৰ পৰিদৰ্শক তপন কলিতা আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলেও ভাগ লয় ।
লগতে পঢ়ক: অগ্নিক সাক্ষী কৰি ফটকা নুফুটুৱাৰ সংকল্প গঞাৰ |