চলন্ত ৰে’ললৈ শিলগুটি দলিয়ালে যাব লাগিব ৰঙাঘৰলৈ - সজাগতা সভা
🎬 Watch Now: Feature Video


Published : Feb 3, 2024, 5:35 PM IST
বৰপেটাৰোড, 3 ফেব্ৰুৱাৰী : বাঢ়ি আহিছে চলন্ত ৰে’ললৈ শিলগুটি নিক্ষেপ কৰাৰ দৰে ঘটনা ৷ চলন্ত ৰে’লত শিলগুটি নিক্ষেপ কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আৰ পি এফৰ কঠোৰ অভিযান ৷ ৰে’ল লাইনৰ কাষত গৰু-ছাগলী এৰা গৰাকীৰ বিৰুদ্ধেও আৰ পি এফে ল’ব আইনগত পদক্ষেপ ৷ এই সম্পৰ্কে শনিবাৰে বৰপেটাৰোডৰ আৰ পি এফৰ কাৰ্যালয়ত GRP আৰু RPF ৰ উদ্যোগত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ।
উক্ত সজাগতা সভাত বৰপেটাৰোড ৰে’ল সুৰক্ষা বাহিনীৰ উপ পৰিদৰ্শক শুক্লা সৰকাৰ, সহকাৰী উপ-পৰিদৰ্শক চন্দন মজুমদাৰ উপস্থিত থাকি যাত্ৰী ৰে’ল সুৰক্ষা, চলন্ত ৰে’লত শিল নিক্ষেপকাৰীলৈ ৫ বছৰ কাৰাদণ্ড হোৱাৰ লগতে ৰে’ল আলিৰ কাষত ক্ৰিকেট খেলা বা গৰু ছাগলী বিচৰণ কৰোৱা গৰাকীৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা লোৱাৰ কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : বৰপেটাৰ জনীয়াৰোডত ব্য়ৱসায়িক প্ৰতিষ্ঠানত চুৰি