বাঘৰ আতংকই খেদিছে এটা অঞ্চলক : হাতীমূৰাত অৱস্থান তিনিটাকৈ বাঘৰ - Tiger Terror

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:40 PM IST

thumbnail
কলিয়াবৰৰ ভিন্ন অঞ্চলত বাঘৰ আতংক (Etv Bharat Assam)

কলিয়াবৰ, 3 আগষ্ট : বাঘৰ আতংকই খেদিছে কলিয়াবৰৰ বিভিন্ন অঞ্চলক ৷ কলিয়াবৰৰ ভিন্ন অঞ্চলত এতিয়া বাঘৰ আতংক ৷ শিলঘাটৰ সোণাৰী-কামাখ্যাৰ পিচত এতিয়া হাতীমূৰা আৰু তপাহোলা অঞ্চলত অৱস্থান তিনিটাকৈ ঢেকীয়াপতীয়া বাঘৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বনৰজাই হাতীমূৰাত ভক্ষণ কৰিলে এটা গৰুৰ লগতে 3 টা ছাগলী ৷  

ঢেকীয়াপতীয়া বাঘৰ বিচৰণত এতিয়া আতংকিত হৈ পৰিছে হাতীমূৰাবাসী ৷ দিনতে বনৰজাৰ বিচৰণ দেখি আতংকিত হৈ পৰিছে গঞা ৰাইজ ৷ কেতিয়াবা তপাহোলাৰ চাহ বাগিচাৰ মাজত, কেতিয়াবা হাতীমূৰা গাঁৱৰ আশে-পাশে থকা হাবি-জংঘলত বিচৰণ কৰে তিনিটাকৈ বাঘে ৷ বিগত প্ৰায় এমাহে কামাখ্যা পাহাৰ আৰু হাতীমূৰাৰ দাঁতিকাষৰীয়া চাহ বাগিচাৰ সীমামূৰীয়া এলেকাত অৱস্থান কৰি আছে কাজিৰঙাৰ পৰা ওলাই অহা এই বাঘৰ পৰিয়ালটোৱে ৷ 

ইতিমধ্যে অঞ্চলটোত বন বিভাগৰ লোক উপস্থিত হৈ বাঘকেইটা পাহাৰৰ দিশে খেদি পঠাবলৈ চেষ্টা কৰিছে ৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা বাঘ কেইটা ওলাই অহাৰ সন্দেহ কৰা হৈছে ৷ ইফালে হাতীমূৰা অঞ্চলৰ ঘন হাবিত ঢেকীয়াপতীয়া বাঘে প্ৰায়েই আশ্ৰয় লয় বুলি জানিবলৈ দিয়ে স্থানীয়লোকে ৷

লগতে পঢ়ক : সুন্দৰবনৰ জালৰ পাচত পিঞ্জৰা, এটা বাঘে খুৱাইছে জলা-কলা - Tiger Scare in Nagaon

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.