thumbnail

মাজুলীত পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ৰ’পেক্স - Ropax vessel stranded

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 11:28 AM IST

মাজুলী, 22 জুলাই: ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী জাহাজ । অফলামুখ ঘাটৰ পৰা নিমাতী অভিমুখে যোৱা এখন ৰ'পেক্স জাহাজ ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, পুৱা 8 বজাত অফলামুখৰ পৰা নিমাতী অভিমুখে গৈ থকাৰ সময়তে বালি চৰত লাগি ধৰাৰ ফলত আৱদ্ধ হৈ পৰে ৰ'পেক্স জাহাজখন । 

ৰ'পেক্সখনত আছে 14 খন গাড়ী, 35 খন বাইক আৰু শতাধিক যাত্ৰী । প্ৰায় 1 ঘন্টাৰো অধিক সময় আৱদ্ধ হৈ আছে ৰ'পেক্সখন । ইতিমধ্যে ৰ'পেক্সখন আৱদ্ধ হৈ থকা স্থানলৈ SDRF বাহিনী ৰাওনা হৈছে । 

উল্লেখ্য যে, আজিৰ পৰা কিছুদিন পূৰ্বে আন এখন ৰ'পেক্স নৈৰ মাজত আৱদ্ধ হৈ পৰিছিল । ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি বহুদিন বন্ধ কৰি ৰখা হৈছিল ফেৰী সেৱা ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বুকুত যাত্ৰীসহ আৱদ্ধ ৰ’পেক্স জাহাজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.