thumbnail

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 9:12 AM IST

ETV Bharat / Videos

জাঁজী নৈৰ পাৰত ঢোল-পেঁপাৰ লহৰত টাকুৰি ঘূৰাদি নাচিছে ঔগুৰিৰ নাচনীয়ে - Rongali Bihu

টীয়ক, 4 এপ্ৰিল : চাওঁতে চাওঁতে আকৌ আহি পালেহি হেঁপাহৰ ৰঙালী । ঢোল-পেঁপাৰ মাতত এতিয়া চৌদিশ ৰজনজনাইছে । সকলো ব্যস্ত আপোন বিহুটিক আদৰিবলৈ । বাদ পৰি ৰোৱা নাই টীয়কৰ ঔগুৰিবাসীও ৷ বিগত বছৰৰ দৰে এইবাৰো ঔগুৰি যুৱ সমাজৰ উদ্যোগত 10 দিনীয়াকৈ বিহুনাচ আৰু ঢোলবাদন কৰ্মশালা অনুষ্ঠিত কৰিছে ।

জাঁজী নদীৰ পাৰৰ অতিকৈ ভিতৰুৱা এই ঔগুৰিৰ উঠি অহা প্ৰজন্মই যাতে অসমীয়া কৃষ্টি সংস্কৃতি শুদ্ধ ৰূপত আয়ত্ব কৰিব পাৰে, সেই উদ্দেশ্যেৰে হাজাৰ বাধা বিঘিনি নেওচি যুৱকসকলে অহৰহ চেষ্টা চলাই আহিছে । অঞ্চলটোৰ যুৱকসকলৰ এই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই এইবাৰ প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে ৷ ইপিনে অসমৰ কেইবাগৰাকীও বিশিষ্ট বিহু নাচৰ অভিজ্ঞ প্ৰশিক্ষকে এই কৰ্মশালাত প্ৰশিক্ষণ দি আছে ৷

লগতে পঢ়ক : বহিঃৰাজ্যৰ যন্ত্ৰচালিত শালত বোৱা গামোচাবোৰ কিদৰে চিনাক্ত কৰিব ? - Powerloom Gamocha

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.