নগাঁও অগপ কাৰ্যালয়ত ৰঙালী বিহু উপভোগ কৰিলে মন্ত্ৰী-বিধায়কে - Rongali Bihu 2024 - RONGALI BIHU 2024
🎬 Watch Now: Feature Video


Published : Apr 21, 2024, 10:21 PM IST
নগাঁও, ২১ এপ্ৰিল: লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যজুৰি উদযাপিত হৈছে হেঁপাহৰ ৰঙালী বিহু । সাত বিহুৰ সামৰণি পৰিলেও অন্ত পৰা নাই ৰঙালী বিহুৰ আনন্দ । দেওবাৰে নগাঁও জিলা অগপ কাৰ্যালয়তো উদযাপন কৰা হয় ৰঙালী বিহু। অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত অগপ কাৰ্যালয়ৰ বাকৰিত আয়োজন কৰা হয় ৰঙালী বিহুৰ বিশেষ অনুষ্ঠান ।
দেওবাৰে সন্ধিয়া ঢোলৰ গুমগুমণিত মুখৰিত হৈ পৰে জিলা অগপ কাৰ্যালয়টো । এই ৰঙালী বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ উপস্থিত হয় কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক ৰূপক শৰ্মা, জিলা অগপৰ সভাপতি মণিমাধৱ মহন্ত, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথৰ লগতে নগাঁও যুৱ পৰিষদৰ সম্পাদক কাশ্যপ ফুকন ।
লগতে পঢ়ক: বঢ়মপুৰৰ অসম উৎসৱত কঁকাল ভাঙি নাচিলে পাঁচ শতাধিক নাচনীয়ে - Bihu Dance