thumbnail

ট্ৰাকত মটৰচাইকেলেৰে খুন্দিয়াই থিতাতে নিহত যুৱক

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 7:49 PM IST

কলিয়াবৰ, ২৮ ফেব্ৰুৱাৰী: কলিয়াবৰত ৰাজপথত তীব্ৰ বেগৰ ভয়ংকৰ পৰিণতি । আজি মালবাহী ট্ৰাকত পিচফালৰ পৰা খুন্দিয়াই থিতাতে নিহত হয় এজন মটৰচাইকেল আৰোহী । বুধবাৰে দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় কলিয়াবৰৰ চুলুঙত । এই দুৰ্ঘটনাত এজন যুৱক থিতাতে হয় । নিহত যুৱকজনৰ নাম বংশী চৌহান ।  

বংশী চৌহানে এ এছ ০২ কে ০৩১১ নম্বৰৰ মটৰচাইকেলখনেৰে তীব্ৰ বেগত ৩৭ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাতে এইছ পি ৩৮ ই ৮১১৯ নম্বৰৰ ট্ৰাকখনৰ পিছফালে খুন্দা মাৰে । ফলত থিতাতে নিহত হয় যুৱকজন । ইয়াৰ পিচতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।  

লগতে পঢ়ক:পথ দুৰ্ঘটনাত প্ৰাণ গ'ল অসম বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰীৰ    

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.