thumbnail

বঙাইগাঁৱত সুৰাসক্ত যুৱকৰ বিলাসী বাহনৰ খুন্দাত নিহত এক, আহত ১০

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 11:44 AM IST

বঙাইগাঁও, ৬ মাৰ্চ : বঙাইগাঁৱৰ দেউৰীপাৰাত মঙলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । মহিলাৰ কেটাৰিং গ্ৰুপৰ টেম্প'ত বিলাসী বাহন এখনে খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো । বিলাসী বাহনখনে টেম্প'ত খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে । এই ঘটনাত বিষ্ণু চৌধুৰী নামৰ এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন দহগৰাকী  যাত্ৰী ।    

এই ঘটনাটোত আহতসকল হ'ল অনামিকা বড়ো, শান্তি ৰায়, প্ৰভাতি কলিতা, অনিমা ৰায়, খনীন্দ্ৰ ৰায় (টেম্প' চালক), ৰীণা মেধি, চয়নিকা সৰকাৰ, দিপাঞ্জলী দত্ত, গীতাঞ্জলী সূত্ৰধৰ আৰু লুকুমনি সৰকাৰ । ইয়াৰে চাৰিগৰাকীৰ অৱস্থা সংকটজনক আৰু উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পিচত দুৰ্ঘটনা সংঘটিত কৰা বিলাসী বাহনখন উত্তৰ শালমাৰা আৰক্ষীয়ে জব্দ কৰে । এই AS 26E 8844 নম্বৰৰ বাহনখনত আছিল তিনি সুৰাসক্ত যুৱক আৰু এগৰাকী যুৱতী । কেটাৰিং গ্ৰুপৰ মহিলাৰ দলটো তোলনী বিয়াত কাৰ্য সম্পাদন কৰি ঘৰলৈ ওভতাৰ সময়তেই সংঘটিত হয় এই ঘটনাটো ।

লগতে পঢ়ক:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিশুসহ 5 গৰাকীয়ে; সংকটজনক অৱস্থাত 7 জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.