কলগাছিয়াৰ খুদ্ৰকুছিত চিমেণ্টভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত - কলগাছিয়াৰ খুদ্ৰকুছিত দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : Jan 21, 2024, 5:34 PM IST
জনীয়া, ২১ জানুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খুদ্ৰকুছি দুই নং বিকল্প ৰাজ্যিক ঘাইপথত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । AS19 C9387 নম্বৰৰ চিমেণ্টভৰ্তি ট্ৰাক এখন বামুনটাৰীৰ পৰা অভয়াপুৰী অভিমুখে গৈ থকা অৱস্থাত কলগাছিয়াৰ ক্ষুদ্ৰকুছিত জল জীৱন মিছনৰ বাবে খান্দা গাতত পৰি এই দুৰ্ঘটনাটো সংঘটিত হয় । এই ঘটনাটোৰ পিচতেই ট্ৰাকৰ চালকে ঘটনাস্থলীৰ পৰা পলাই যায় ।
এই দুৰ্ঘটনাটোত আব্দুল মালেকৰ ঘৰৰ কিছু ক্ষতি হয় যদিও কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালৰ লোকৰ । পিচত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে ক্ষুদ্ৰকুছি দুই নং বিকল্প ৰাজ্যিক ঘাইপথত ছাইড বাম নিদিয়াকৈ অতি ঠেকভাৱে কেৱল পকীকৰণৰ কৰি গুচি যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
ইফালে, জল জীৱন মিছনৰ বাবে গাত খান্দি ঠিকাদাৰে ব্যপক অনিয়ম সংঘটিত কৰিছে । উক্ত গাতত ঠিকাদাৰে মাটি নিদিয়াকৈ গুচি যোৱাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাইজে অভিযোগ উত্থাপন কৰে । স্থানীয় ৰাইজে ক্ষুদ্ৰকুছিত বৰপেটা জিলা আয়ুক্তক অতি শীঘ্ৰেই জল জীৱনৰ কাম পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক:স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা