কাজিৰঙাৰ দুৰ্গাপুৰত পথ দুৰ্ঘটনা: তিনিখন বাহন ক্ষতিগ্ৰস্ত - Road Accident

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 3:37 PM IST

thumbnail
দুৰ্গাপুৰ এলেকাত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা (ETV Bharat Assam)

কাজিৰঙা, 4 আগষ্ট : কাজিৰঙাৰ দুৰ্গাপুৰত পুনৰ সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷ দুৰ্গাপুৰ এলেকাত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত বাছসহ দুৰ্ঘটনাগ্ৰস্ত হয় তিনিখন বাহন ৷

উল্লেখ্য যে, কেইদিনমান পূৰ্বে কাজিৰঙাৰ দুৰ্গাপুৰৰ ৰাজপথত চাৰিখনকৈ গাড়ী দুৰ্ঘটনাত পতিত হৈছিল ৷ এই ঘটনাৰ পাচতেই দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ চালকক দুৰ্ঘটনাত পতিত আন এখন গাড়ীৰ আৰোহীয়ে বুকুত ধৰি ৰাখিছিল ৷ সেই ভিডিঅ’ ভাইৰেল হোৱাত সমগ্ৰ ৰাজ্যতে বিষয়টো চৰ্চিত হৈছিল ৷

এই ঘটনাৰ উত্তেজনাৰ মাৰ নৌযাওঁতেই দেওবাৰে পুনৰ তিনিখন গাড়ী দুৰ্ঘটনাত পতিত হয় ৷ পূৰ্বৰ ঘটনাৰ দৰে দেওবাৰৰ দুৰ্ঘটনাটোও সংঘটিত হয় বাছখনৰ ভুলৰ বাবেই ৷ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, তীব্ৰবেগী বাছখনে পিচফালৰ পৰা খুন্দা মৰাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ লক্ষণীয়ভাৱে বাছখনৰ লগতে এখন এয়াৰফৰ্চৰ বাহন, স্ক'ৰপিঅ’ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ অৱশ্যে দুৰ্ঘটনাটো গুৰুতৰ নাছিল ৷ কহঁৰা আৰক্ষী চকীৰ অন্তৰ্গত এই দুৰ্ঘটনাস্থলীত কিছু সময়ৰ পাচতেই উপস্থিত হয় আৰক্ষীৰ লোক ৷ দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় কেইবাজন লোক ৷ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS 01 HC 8966, আনহাতে স্ক'ৰপিঅ’খনৰ নম্বৰ AS 03 W 4847 ৷

লগতে পঢ়ক : শদিয়াৰ পৰা ধুবুৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থা: বৃদ্ধি পাইছে দুৰ্ঘটনা - National highway
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.