নতুন পেন্সন নীতিৰ বিৰোধিতাৰে অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীৰ ধৰ্ণা - Protest against NPS in Guwahati - PROTEST AGAINST NPS IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 3:27 PM IST

গুৱাহাটী, 21 আগষ্ট: ৰাষ্ট্রীয় পেন্সন আঁচনি বাতিল আৰু পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰখাৰ দাবীত বুধবাৰে গুৱাহাটীৰ চচলত অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীয়ে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচীৰ । দিনৰ 11 বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ 31 খন জিলাৰ দুই শতাধিক শিক্ষকে অংশগ্ৰহণ কৰে । অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীক গ্ৰেছুইটি প্ৰদানৰ দাবীত অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সংস্থা-কৰ্মৰত সমন্বয় সমিতি আৰু সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ (2013 চনত প্ৰাদেশিকৃত এন পি এছভুক্ত) উদ্যোগত ন্যায্য প্ৰাপ্তিৰ দাবীত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । 

প্ৰতিবাদী শিক্ষকসকলে পুৰণি পেঞ্চন নীতি বাহাল ৰাখক, অৱসৰপ্ৰাপ্ত প্ৰয়াত শিক্ষক কৰ্মচাৰীৰ পৰিয়ালৰ উত্তৰাধিকাৰীক পেঞ্চন দিয়ক, 2013 চনত প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীক পেঞ্চন-গ্ৰেছুইটি প্ৰদান কৰক আদি বিভিন্ন শ্লোগানৰে শিক্ষকসকলে উত্তাল কৰে চচলৰ ধৰ্ণাস্থলী । প্ৰতিবাদৰ অন্তত সংস্থাৰ তৰফৰ পৰা তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবীত বিভাগীয় কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক: এন পি এছ লাগে; প্ৰতিবাদত নামিল কৰ্মচাৰী - DEMAND FOR RETENTION OF NPS

নতুন পেন্সন নীতিৰ বিৰোধিতাৰে ৰে’লৱে কৰ্মচাৰীৰ প্ৰতিবাদ - Protest against NPS

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.