অসমৰ শিক্ষিত নিবনুৱাক গিনিপিগ নসজাবলৈ চৰকাৰক কোনে কৰিলে আহ্বান ? - RECRUITMENT IN ASSAM

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 9:51 PM IST

thumbnail
মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান (ETV Bharat Assam)

গুৱাহাটী, 9 জুলাই: অসম চৰকাৰক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প‌্ৰাৰ্থীসকলক ৰাজনৈতিক পৰীক্ষাগাৰৰ গিনিপিগ নসজাবলৈ আহ্বান জনাইছে ফাইট এগেনষ্ট ইনজাষ্টিছ অৱ এ পি এছ চিৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই ৷ বৰুৱাই কয় যে, সমগ্ৰ ৰাজ্য ভয়াবহ বান পৰিস্থিতিৰ সৈতে যুঁজি থকাৰ সময়ত স্বয়ং মুখ্যমন্ত্ৰীয়ে নিযুক্তি পৰীক্ষাৰ বিষয়ে তথা পৰীক্ষাৰ তাৰিখ ৰাজহুৱা কৰাৰ বিষয়টো ৰহস্যজনক ৷ সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ(ADRE) পদ্ধতি অসম লোকসেৱা আয়োগৰ দৰে অনুষ্ঠিত হ'ব বুলি ৰাজহুৱা কৰিছিল ৷ য'ত পৰীক্ষা পদ্ধতি সম্পৰ্ক স্পষ্টকৈ একো কথা ব্যক্ত নকৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

যদি ১৫ ছেপ্টেম্বৰৰ পৰা তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হয়, তেন্তে ইমান মূৰামূৰি সময়ত অৰ্থাৎ পৰীক্ষালৈ মাত্ৰ দুমাহ বাকী থকা অৱস্থাত নতুন পৰীক্ষা পদ্ধতি ঘোষণা কৰাটো গ্ৰহণযোগ্য হয়নে ?

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীৰ বক্তব্যত এইটো স্পষ্ট হৈছে যে পৰীক্ষা দীঘলীয়া হ'ব ৷ ৰাজ্যখনে ভয়াবহ বান পৰিস্থিতিত যুঁজি থকাৰ সময়ত তথা কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বান নিয়ন্ত্ৰণ তথা বানৰ ক্ষতিপূৰণৰ পুঁজিৰ ক্ষেত্ৰত বহু গাফিলতি ৰাজহুৱা হোৱাৰ সময়তে কিয় এনে এটা বিষয় উপস্থাপন কৰা হ’ল তাক লৈও মানস প্ৰতীম বৰুৱাই প্ৰশ্ন উত্থাপন কৰিছে ৷ নে এয়া ৰাজনৈতিক বাকধাৰাক অন্য দিশে নিয়াৰ এক বিকল্প ?

লগতে পঢ়ক: ব'হাগ বিহুৰ পূৰ্বে সম্পন্ন হ’ব 35 হাজাৰ চাকৰি প্ৰাৰ্থীৰ নিযুক্তি প্ৰক্ৰিয়া; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা - Recruitment in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.