ৰাহুল গান্ধীলৈ ভয় কৰি নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে হিমন্ত বিশ্ব শৰ্মাই: ৰকিবুল হুছেইন
🎬 Watch Now: Feature Video
Published : Jan 21, 2024, 8:09 PM IST
নগাঁও, 21 জানুৱাৰী : "ৰাহুল গান্ধীৰ আগমনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইমানেই ভয় খাইছে সাধাৰণ মানুহৰ অধিকাৰ খৰ্ব কৰিছে ৷ সাধাৰণ মানুহৰ বাবে সন্ত্ৰাস তথা যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ ন্যায় যাত্ৰাত সাধাৰণ ৰাইজে লাইটৰ বিল পৰ্যন্ত লৈ ওলাই আহিছে ৷ ক্ষমতাই মানুহৰ মূৰত ধৰে, এইবোৰ কাম নকৰিব ৷ ক্ষমতা সদায় নাথাকে ৷ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছো যে জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব নকৰিব ৷"
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত চৰকাৰৰ বিৰুদ্ধে বাধা প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । দেওবাৰে নলতলীত অনুষ্ঠিত ৰাহুল গান্ধীৰ অনুষ্ঠানলৈ যোৱা ই-ৰিক্সা, টেম্পু আদি বাহন আৰক্ষীয়ে জব্দ কৰাৰ অভিযোগ কৰিছে ৰকিবুল হুছেইনে । এনে কাম নকৰিবলৈ চৰকাৰক আহ্বান হুছেইনৰ ৷
লগতে পঢ়ক: স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা