ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদক সম্বৰ্ধনা - MP Mission Ranjan Das - MP MISSION RANJAN DAS
🎬 Watch Now: Feature Video


Published : Aug 31, 2024, 9:48 PM IST
কৰিমগঞ্জ, ৩১ আগষ্ট: বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱা বিজেপিৰ জ্যেষ্ঠ নেতা মিছন ৰঞ্জন দাসক শনিবাৰে কৰিমগঞ্জত সম্বৰ্ধনা জ্ঞাপন কৰা হয় । আজি কৰিমগঞ্জ চহৰত এক উৎসৱমুখৰ পৰিবেশৰ মাজত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদগৰাকীক আদৰণি জনাই দলীয় নেতা-কৰ্মীসকলে । ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত আজি গৃহ জিলাৰ চহৰত পদাৰ্পন কৰে মিছন ৰঞ্জন দাসে ।
নৱ-নিৰ্বাচিত সাংসদগৰাকীক বাইক ৰেলী আৰু গায়ন-বায়নেৰে সমদল কৰি লৈ অনা হয় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহলৈ । এই সম্বৰ্ধনা গ্ৰহণ কৰি মিছন ৰঞ্জন দাসে ভাষণ প্ৰসংগত বৰাকত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা বাবে দলৰ প্ৰতিগৰাকী নেতাক ধন্যবাদ জ্ঞাপন কৰে । উত্তৰ কৰিমগঞ্জ সমষ্টিৰ পৰা ৪ বাৰৰ বিধায়ক হোৱা মিছন ৰঞ্জন দাসে ভৱিষ্য়তেও প্ৰতিগৰাকী দলীয় নেতা-কৰ্মীৰ পৰা সহযোগিতা কামনা কৰে ।