ৰঙিয়াত দুই মিনিটৰ বাবে ৰ'ব ৰাজধানী এক্সপ্ৰেছ - rajdhani express to stop in rangia

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 7:24 PM IST

ৰঙিয়া, ১৮ মাৰ্চ: ৰঙিয়াবাসীৰ লগতে সমগ্র নামনি অসমৰ ৰে'লযাত্ৰীলৈ শুভ সংবাদ । দুই দশকৰ তীব্ৰ প্ৰতিবাদৰ অন্তত অৱশেষত ৰঙিয়া জংচনত দুই মিনিটৰ বাবে ৰ'ব ৰাজধানী এক্সপ্ৰেছ । ৰে'ল মন্ত্রাণালয়ে এক জাননী যোগে জনাইছে যে নামনিমুৱা আৰু উজনিমুৱা ১২৪২৩/১২৪২৪ ডিব্ৰুগড়-নতুন দিল্লী-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ৰে'ল গাড়ীখন ৰঙিয়াত প্ৰতিদিনে ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ‍্য যে অসম ৰে'লযাত্ৰী সংস্থাই এই বিষয়ত দীর্ঘদিনৰ পৰাই বিভিন্ন দল-সংগঠনৰ নেতৃত্ব তথা সাংসদসকলক লগত লৈ দাবী জনাই অহাৰ উপৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ।

আনহাতে, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনেও ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ প্ৰতিদিনেই ৰখোৱাৰ দাবীত স্মাৰক-পত্র দাখিল কৰাৰ লগতে প্রতিবাদ সাব্যস্ত কৰিছিল । অৱশেষত সকলোৰে দাবীৰ প্ৰতি সঁহাৰি জনাই ৰঙিয়াত ৰাজধানী এক্সপ্রেছখন নিয়মীয়াকৈ ৰাখোৱাৰ বাবে কেন্দ্ৰীয় ৰে'ল ব'র্ডে পত্ৰৰ জৰিয়তে ঘোষণা কৰে । ইফালে, ৰে'ল বিভাগৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰে'লখন ৰঙিয়াত নিৰ্বাচনৰ পিচতহে ৰখোৱাৰ কথা চিন্তা কৰি থকা হৈছে । অৱশ্য়ে ৰে'লযাত্ৰী সন্থাৰ লগতে ৰঙিয়াৰ ৰাইজে এইমাহৰ পৰাই ৰে'লখন ৰখোৱাৰ বাবে প্ৰশাসনক আহ্বান জনাইছে ।

লগতে পঢ়ক:কিস্তিৰ ধন বিচাৰি যোৱা ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীক ভয়ংকৰ আক্ৰমণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.