মুখ্যমন্ত্ৰীৰ ভাবুকিলৈ আমি ভয় নকৰো: ৰাহুল গান্ধী - ৰাহুল গান্ধী
🎬 Watch Now: Feature Video


Published : Jan 20, 2024, 8:09 AM IST
ধেমাজি, 20 জানুৱাৰী : ‘‘দিল্লীৰ পৰা অসমক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে ৷ কিন্তু অসমক স্বতন্ত্ৰভাৱে চলিবলৈ দিয়া উচিত ৷’’ শুকুৰবাৰে গোগামুখত উপস্থিত হৈ এই মন্তব্য কৰিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ৷ উল্লেখ্য যে, শুকুৰবাৰে দিনৰ ভাগত মাজুলীত ভিন্ন কাৰ্যসূচী সামৰি ঢকুৱাখানা হৈ নিশাৰ ভাগলৈ গোগামুখত উপস্থিত হৈছিল ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই ৷ গোগামুখত এক জনসভা সম্বোধন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাহুল গান্ধী ৷
তেওঁ লগতে কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে যিমানেই ভাবুকি নিদিয়ক কিয় আমি ভয় নকৰো ৷ ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিহে যাম ৷ অসমত আমি 6 দিনৰ বাবে সাধাৰণ জনতাৰ কাষত আছো আৰু থাকিম ৷ শনিবাৰে অৰুণাচল প্ৰদেশত ভাৰত জোড়ো ন্যায় যাত্ৰা কৰি আকৌ অসমত প্ৰৱেশ কৰিম ৷’’
লগতে পঢ়ক : মৰিধল মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় এথলেটিকছ প্ৰতিযোগিতা