ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৩ টাকৈ সোণৰ পদকেৰে উজলিল পূৰ্বাশ্ৰী - NATIONAL WEIGHTLIFTING COMPETITION

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 4:49 PM IST

thumbnail
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত ৩ টাকৈ সোণৰ পদকেৰে উজলিল পূৰ্বাশ্ৰী (ETV BHARAT ASSAM)

মৰাণ, 11 জুন : ক্ৰীড়াক্ষেত্ৰত চমকপদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে দেশৰ লগতে বিশ্বজুৰি নাম উজলাবলৈ সক্ষম হৈছে । এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত 3 টাকৈ সোণৰ পদক আজুৰিলে ডিব্ৰুগড়ৰ পূৰ্বাশ্ৰী চেতিয়াই । শেহতীয়াকৈ ৰাজস্থানত অনুষ্ঠিত ভাৰোত্তোলন প্ৰতিযোগিতাত এই সফলতা অৰ্জন কৰে লাহোৱালৰ পূৰ্বাশ্ৰীয়ে ।

ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাৰ 34 kg শিতানৰ তিনিটা শাখাত অংশগ্ৰহণ কৰি 3 টকাকৈ সোণৰ পদক অৰ্জন কৰি ৰাজ্যৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে । ৰাজস্থানৰ শ্ৰী গংগা নগৰত অনুষ্ঠিত 13th national sub junior and junior men and women ভাৰোত্তোলন প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ খেলুৱৈৰ মাজত এই সফলতা লাভ কৰি মঙলবাৰে খেলুৱৈগৰাকী ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয় ।

তাৰ পিচতে ডিব্ৰুগড় বিমানবন্দৰত মটক যুৱ ছাত্ৰ সন্মিলনীৰ লগতে বিভিন্ন দল-সংগঠনে খেলুৱৈগৰাকীক উষ্ম আদৰণি জনায় । খেলুৱৈগৰাকী লাহোৱালৰ পাত্ৰ গাঁৱৰ ৰাজীৱ চেতিয়াৰ কন্যা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: লক্ষ্যত উপনীত হ'বৰ বাবে বদ্ধপৰিকৰ উমা চেত্ৰী : কেনেদৰে চলাইছে প্ৰস্তুতি ? - Interaction With Cricketer Uma Chetry

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.