এইমছ গুৱাহাটীত ধনৰ বিনিময়ত নিযুক্তি প্ৰদানৰ অভিযোগ

🎬 Watch Now: Feature Video

thumbnail

বাইহাটা: কামৰূপৰ চাংসাৰিস্থিত এইমছ (AIIMS)ত উত্তাল প্ৰতিবাদ । থলুৱা নিবনুৱাক নিযুক্তিৰ বঞ্চনাৰ বিৰুদ্ধে চাংসাৰি এইমছত উত্তাল প্ৰতিবাদ । টকাৰ বিনিময়ত একাংশ দালাল চক্ৰই বহিৰাগতক নিযুক্তি প্ৰদান কৰাৰ অভিযোগ তুলি অসমীয়া থলুৱা প্ৰতিবাদকাৰীৰ প্ৰতিবাদ । স্থানীয় ৰাইজৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী । স্থানীয় যুৱক-যুৱতীক যোগ্যতাৰ ভিত্তিত নিযুক্তিৰ দাবীত কৰা হয় প্ৰতিবাদ । প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি ধনৰ বিনিময়ত নিযুক্তি প্ৰদান কৰা হৈ আছে এইমছ গুৱাহাটীত । নিযুক্তিৰ নামত চলা বেহাৰ তদন্তৰো দাবী জনাই প্ৰতিবাদকাৰীয়ে ।  

এইমছ গুৱাহাটীৰ সঞ্চালক অশোক পুৰাণিকৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে এই স্থানীয় প্ৰতিবাদকাৰীয়ে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে' কাৰ্ড লৈ বহিৰাগতসকলৰ নিযুক্তি বন্ধ কৰক, স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলক নিযুক্তি প্ৰদান কৰক, নিযুক্তিৰ নামত ধনৰ গোপন লেনদেন বন্ধ কৰক আদি শ্ল'গানেৰে আকাশ বতাহ কঁপাই তোলে । তেওঁলোকে লগতে প্ৰশ্ন কৰে যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইমছৰ কৰ্মচাৰীৰ নিযুক্তি সাময়িকভাৱে বন্ধ ৰখাৰ পিছতো কোনে কিদৰে ২০ জন যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিলে সেয়া এক নজনা সাঁথৰ । এতিয়া এই সমস্ত অনিময়ৰ এক উচিত তদন্ত বিচাৰিছে প্ৰতিবাদকাৰীসকলে । 

লগতে পঢ়ক: গুৱাহাটী AIIMS ৰ বাবে কেবাটাও নতুন সুবিধা মুকলি প্ৰধানমন্ত্ৰীৰ

এইমছ গুৱাহাটীলৈ কি নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.