চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে কাজিৰঙাত আটছাৰ প্ৰতিবাদ - Five Star Hotel In Kaziranga

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:32 PM IST

thumbnail
চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে কাজিৰঙাত আটছাৰ প্ৰতিবাদ (ETV Bharat Assam)

কাজিৰঙা, 5 জুন: বাগিচা উচ্ছেদৰ বিৰোধিতাৰে কাজিৰঙাত আটছাৰ প্ৰতিবাদ ৷ তাজ গ্ৰুপে বাগিচাৰ ভূমিত নিৰ্মাণ কৰিবলৈ লোৱা পঞ্চতাৰকা হোটেলক লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৷ দুই শতাধিক শ্ৰমিকৰ উপস্থিতিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই বোকাখাত চক্ৰ বিষয়াৰ সহযোগত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতাৰে স্মাৰকপত্ৰ ৷

সংগঠনটোৰ নেতৃত্বই কয় যে দিনক দিনে চাহ শ্ৰমিকসকলক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে বাগিচা কৰ্তৃপক্ষই ৷ চাহগছ উঠাই সেই ভূমিত অট্টালিকা নিৰ্মাণকাৰ্যক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷ মুখ্যমন্ত্ৰীলৈ প্ৰদান পৰা স্মাৰকপত্ৰৰ সুদুত্তৰ নোপোৱা পৰ্যন্ত এই প্ৰতিবাদ চলি থাকিব বুলি হুংকাৰ দিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৷

চাহ বাগিচাৰ ভূমিত পঞ্চতাৰকা হোটেল স্থাপনৰ পিচত শ্ৰমিকসকল উপকৃত হ’ব নোৱাৰে বুলি মন্তব্য কৰে সংগঠনটোৱে ৷ ইফালে চাহ শ্ৰমিকসকলৰ দাবীসমূহ পূৰণ নহ’লে কোনো কাৰণতে তাজ হোটেল নিৰ্মাণত চাহ জনজাতি ছাত্ৰ সন্থাই সমৰ্থন নকৰে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: অসমৰ ক'ত হ'ব একেলগে তিনিখনকৈ পঞ্চতাৰকা হোটেল; ক’লে জয়ন্ত মল্লবৰুৱাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.