ধৰ্ষণকাণ্ড আৰু বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে হাফলঙত প্ৰতিবাদ - Protest in Haflong

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 9:49 PM IST

thumbnail
হাফলঙত প্ৰতিবাদ (ETV Bharat Assam)

হাফলং,২৯ আগষ্ট: সমগ্ৰ দেশৰ লগতে অসমতো নাৰীৰ ওপৰত অত্যাচাৰ আৰু ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে ৷ অসমৰ ধিং, হোজাই আৰু তিনিচুকীয়াত ধৰ্ষণৰ ঘটনা সংগঠিত হোৱাৰ পিছত এতিয়াও সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনে । অসমত ক্ৰমাৎ মহিলাসকলৰ ওপৰত বৃদ্ধি পোৱা নিৰ্যাতন, অত্যাচাৰ আৰু ধর্ষণৰ বিৰুদ্ধে গৰজি উঠিল ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ বিভিন্ন দল-সংগঠন । ইয়াৰ উপৰি বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠন আৰু মঠ-মন্দিৰৰ কৰ্মকর্তাসকলে ।  

বৃহস্পতিবাৰে হাফলং সাংস্কৃতিক ভৱনৰ পৰা এক প্ৰতিবাদী সমদল সমগ্ৰ চহৰ পৰিক্ৰমা কৰি হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আহি ধর্ষণকাৰীক ফাঁচি দিয়ক, আমাক ন্যায় লাগে আদি শ্ল'গানৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ডিমা হাছাও জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: সভাপতি পদৰ পৰা আঁতৰালেও মই দলতে থাকিম: ভূপেন কুমাৰ বৰা - APCC President Bhupen Kumar Bora

শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবীত উত্তাল বিধানসভা চৌহদ - MLA protest in Assam Assembly

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.