মুখ্যমন্ত্ৰী-শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ১৭ টা সংগঠনৰ সকীয়নি - protest against smart meter

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 10:22 PM IST

thumbnail
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ (ETV Bharat Assam)

মৰাণ, ১৪ ছেপ্টেম্বৰ: স্মাৰ্ট মিটাৰক লৈ ৰাজ্যত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত । স্মাৰ্ট মিটাৰৰ নামত সাধাৰণ ৰাইজক লুণ্ঠন, বিদ্যুতৰ মাচুল বৃদ্ধি আদিৰ বিৰুদ্ধে বিভিন্ন জিলাত একাংশ দল-সংগঠন আৰু ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ মাজতে মৰাণত শনিবাৰে মুখ্যমন্ত্ৰী, শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ কৰিলে ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে ।  

স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰাৰ দাবীত শনিবাৰে মৰাণ নগৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ১৭ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই ৷ মৰাণ নগৰৰ মাজ-মজিয়াৰ ট্ৰেফিক তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰূপায়ণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে 'স্মাৰ্ট মিটাৰ বন্ধ কৰক','অসম চৰকাৰ হুঁচিয়াৰ','শক্তি বিভাগ হায় হায়' আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে । শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে এই সংগঠনকেইটাৰ নেতৃত্বই ।

লগতে পঢ়ক:অতিষ্ঠ গ্ৰাহক: কুঠাৰেৰে কোবাই কোবাই ভাঙি পেলালে স্মাৰ্ট মিটাৰ - Assam smart meter controversy

স্মাৰ্ট মিটাৰৰ বিষয়টো ওৰ পেলাবলৈ বিজেপি চৰকাৰে তিনিটা 'ম' সংযোগ কৰিছে: কৃষক মুক্তি - protest against smart meter

ৰঙানদীত প্ৰতীকী স্মাৰ্ট মিটাৰ উটুৱাই অসমীয়া যুৱ মঞ্চৰ অভিনৱ প্ৰতিবাদ - Protest Against Smart Meter

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.