স্মাৰ্ট মিটাৰে আতিশয্য চলোৱাৰ অভিযোগত সৰুপথাৰত উত্তাল প্ৰতিবাদ - Smart Electricity Meter

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 4:13 PM IST

Updated : Aug 26, 2024, 4:26 PM IST

thumbnail
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰুপথাৰত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

সৰুপথাৰ, ২৬ আগষ্ট : ৰাজ্যত অব্যাহত আছে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ । সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মানৱ শৃংখল কাৰ্যসূচী ।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৰুপথাৰ বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখ উত্তাল কৰি তোলে তিনি শতাধিক ছাত্ৰকৰ্মীয়ে । প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে কঁপাই তোলে ৰাজপথ । প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি গৃহস্থ নথকা ঘৰতো স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে ।

মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈকে ধৰি কেবাজনো জিলা প্ৰতিনিধি, ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধিকে ধৰি প্ৰায় ৩ শতাধিক ছাত্ৰকৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

লগতে পঢ়ক : এবছৰৰ ভিতৰত সৌৰ প্ৰকল্পৰ জৰিয়তে ৰাজ্যত বিদ্যুতৰ নাটনি পূৰণৰ পৰিকল্পনা অসম চৰকাৰৰ

স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে ওলাই আহিল পাঁচখন গাঁৱৰ মহিলা

স্মার্ট মিটাৰ বন্ধৰ দাবীত এ আই ইউ এফৰ উত্তাল প্ৰতিবাদ

Last Updated : Aug 26, 2024, 4:26 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.