প্ৰতিবাদকাৰীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত উত্তাল তিনিচুকীয়া - Protest continues in Tinsukia

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 7:41 PM IST

thumbnail
প্ৰতিবাদকাৰীসকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত উত্তাল তিনিচুকীয়া (ETV Bharat Assam)

তিনিচুকীয়া,৫ জুলাই: পুনৰ উত্তাল তিনিচুকীয়াৰ ৰাজপথ । শুকুৰবাৰে মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ লগতে অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনগোষ্ঠীক স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আটক কৰা প্ৰতিবাদকাৰীসকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে একাংশই ।  

তিনিচুকীয়া জিলাৰ ডুমডুমাত মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে সকলো কৰ্মকৰ্তাক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনায় । ইয়াৰোপৰি মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত, কাকপথাৰৰ ডিৰাক গেটত, বৰডুমছাতো সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ আটক কৰা প্ৰতিবাদকাৰীসকলক বিনাচৰ্তে মুকলি কৰি নিদিলে ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদৰ নেতা-কৰ্মীসকলে ৷

লগতে পঢ়ক: জনজাতিকৰণৰ দাবীত জাঁজীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.