ধেমাজিত শিৱ মন্দিৰত শিৱ লিংগৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি - Vishnu Temple
🎬 Watch Now: Feature Video
Published : Feb 13, 2024, 2:25 PM IST
ধেমাজি,১৩ ফেব্ৰুৱাৰী : ধেমাজি নগৰৰ তিনিআলিস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ চৌহদত নৱনিৰ্মিত শিৱ মন্দিৰত শিৱ লিংগত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ ইয়াৰ বাবে ইতিমধ্যে কাশী বিশ্বনাথৰ পৰা এক লাখ টকা ব্যয়সাপেক্ষে অনা হৈছে শিৱ লিংগ ৷ অহা ১৫ আৰু ১৬ফ্ৰেব্ৰুৱাৰীত সম্পূৰ্ণ নীতি নিয়মেৰে পূজা অৰ্চনা কৰি শিৱ লিংগত প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ মাংগলিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
নৱনিৰ্মিত শিৱ মন্দিৰত উপাসনা কৰাৰ উপৰি দূৰ দূৰণিৰ ভক্ত তথা পৰ্যটকসকলৰ বাবে থকা মেলা সু-ব্যৱস্থাৰ উদ্দেশ্য়ে গৃহ নিৰ্মাণ কৰা হৈছে বুলি সদৰী কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। ধেমাজিৰ নগৰৰ নৱনিৰ্মিত শিৱমন্দিৰৰ শিৱ লিংগত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সকলোকে ভক্ত পৰা সহায় সহযোগিতাৰ আহ্বান জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷
লগতে পঢ়ক:ৰঙিয়াত ইজতেমাৰ বিশাল আয়োজন