ছাত্ৰৰ হাতত নিহত শিক্ষক ৰাজেশ বাবুৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন - TEACHER STABBED TO DEATH

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 3:52 PM IST

thumbnail
শোকাকূল শিক্ষাৰ্থী (ETV Bharat Assam)

শিৱসাগৰ, 7 জুন: শিৱসাগৰৰ ছাই বিকাশ একাডেমীৰ প্ৰশাসনিক মুৰব্বী ৰাজেশ বাবুক এজন উদণ্ড ছাত্ৰই চুৰিকাঘাত কৰি প্ৰাণ লোৱা ঘটনাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া । দেওবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত শোকাকুল পৰিৱেশৰ মাজতে ৰাজেশ বাবুৰ নশ্বৰদেহত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে জ্ঞাপন কৰে অন্তিম শ্ৰদ্ধাঞ্জলি ।

শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে শিক্ষানুষ্ঠানখনৰ বিষয়ববীয়াসকলে শিক্ষকগৰাকীৰ মৃতদেহটো বহিঃৰাজ্যস্থিত স্ব-গৃহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে । উল্লেখযোগ্য যে, শনিবাৰে ৰাজেশ বাবুৰ পৰিবাৰ আৰু দুই সন্তান অন্ধ্ৰপ্ৰদেশৰ নিজা ঘৰলৈ যাত্ৰা কৰিছিল । স্বামীৰ মৃত্যু সন্দৰ্ভত এতিয়াও প্ৰকৃত সত্য জনোৱাৰ পৰা আঁতৰত আছে পৰিয়ালবৰ্গ ৷ ৰাজেশ বাবুৰ মৃতদেহটো দেওবাৰে গুৱাহাটীস্থিত ছাই বিকাশ একাডেমীৰ এগৰাকী প্ৰশাসনিক কৰ্মচাৰীয়ে চমজি লয় ।

বিদ্যালয় কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি, দেওবাৰে বিয়লি ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ৰাজেশ বাবুৰ নিজ বাসগৃহলৈ লৈ মৃতদেহটো নিয়াৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: শ্ৰেণীকোঠাত পাঠদানৰ সময়তে ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষক - Teacher stabbed to death

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.