বৰাকে মাতিছে বিপদ, যিকোনো সময়তে বেৰেংগাৰ মথাউৰি ভঙাৰ সম্ভাৱনা - Assam Flood 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:43 AM IST

শিলচৰ, 20 জুন: 2022 চনৰ সংহাৰী বানৰ পুনৰাবৃত্তিৰ আশংকা কাছাৰত ৷ শিলচৰৰ বেৰেংগাৰ স্থানীয় লোকসকলে এই কথা ভাবিয়ে পাৰ কৰিছে দিন-ৰাতি ৷ প্ৰাপ্ত তথ্য অনুসৰি, বেৰেংগাৰ নাথপাৰাত থকা বৰাকৰ মথাউৰিৰ এটা বৃহৎ অংশ নৈখনে খহাই লৈ যোৱাৰ পিছতে একপ্ৰকাৰ আতংকিত হৈ পৰিছে লোকসকল ৷

বিগত বহুবছৰৰ পৰা অঞ্চলটোত অব্যাহত থকা খহনীয়াৰ বাবে বহু পৰিয়ালে ইতিমধ্যে হেৰুৱাইছে ভেটি-মাটি ৷ সম্প্ৰতি বেৰেংগা নাথপাৰাৰ লোকসকলৰ যাতায়াতৰ একমাত্ৰ মাধ্যম হিচাপে থকা বৰাকৰ মথাউৰিটো যিকোনো মুহূৰ্ততে ভঙাৰ সম্ভাৱনা আছে ৷ যদিহে শিলচৰত বৰাকে বিপদসীমা অতিক্ৰম কৰে, তেন্তে হয়তো এই মথাউৰিটো ভাঙি সমগ্ৰ অঞ্চলটো প্লাৱিত কৰিব বানে ৷

লগতে পঢ়ক: বুঢ়াদিয়াই ছিগিলে মথাউৰি, প্লাৱিত শতাধিক পৰিয়াল - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.