thumbnail

বছৰ বছৰ ধৰি নিৰ্মাণ নহ'ল বিশ্বজিৎ দৈমাৰীৰৰ গৃহসমষ্টিৰ এটা পথ - Dilapidated Road In Udalguri

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 12:42 PM IST

ওদালগুৰি, ২৭ জুলাই : ৰাজ্যৰ বাট-পথৰ উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাইছে চৰকাৰে । কিন্তু এতিয়াও একাংশ জৰাজীৰ্ণ পথে জলা-কলা খুৱাই আহিছে সৰ্বসাধাৰণ ৰাইজক । তেনে এক পথ হ'ল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰৰ গৃহসমষ্টি পানেৰীৰ এটা পথ । বিগত কেইবাটাও বছৰে নিৰ্মাণ নহ'ল গুৰুত্বপূৰ্ণ পথটি । নিৰ্বাচন আহিলে নেতাসকলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন নকৰা যেন এক অভ্যাস হৈ পৰিছে আৰু তাৰে এক উদাহৰণ ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ অন্তৰ্গত মঙলদৈ ভূতিয়াচাং পথৰ কচু বিলৰ পৰা ভূটান সীমান্ত লৈ যোৱা পথছোৱা ।

অতি শোচনীয় পথটি নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । কিন্তু আজি পৰ্যন্ত মেৰাামতি নহ'ল পথছোৱা । বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰি আহিছে যদিও একো ফল নাপালে ৰাইজে । যাৰ ফলত এনেকৈয়ে ৰাইজে যমৰ যাতনা ভুগি দিন পাৰ কৰিব লগীয়া হৈছে ।

লগতে পঢ়ক: উন্নয়নৰ নামত বৃহৎ শূণ্য : পথৰ মাজৰ বৃহৎ গাঁতে সমস্যাত পেলাইছে স্থানীয় লোকক - Dilapidated Road In Tihu

উন্নয়নৰ ছবি দেখি ৰাইজে কৰিছে হায় হায়; পথৰ যিহে গতি ভৰি দিবলৈও অৱস্থা নাই - Dilapidated Road In Udalguri

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.