thumbnail

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 10:50 PM IST

ETV Bharat / Videos

পথৰ দুৰৱস্থাই জ্বলা-ক'লা খুৱাইছে ৰাইজক: কাণসাৰ নাই বিধায়কৰ

তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰী : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাৰ বাট-পথৰ দুৰৱস্থাই সাধাৰণ ৰাইজক যাতায়তৰ ক্ষেত্ৰত জ্বলা-কলা খুৱাইছে । মাৰ্ঘেৰিটা সমষ্টিৰ অধীনৰ কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীপথাৰত বাট-পথৰ দুৰৱস্থাৰ বাবে এতিয়া জীয়াতু ভূগিবলগীয়া হৈছে সাধাৰণ খাটিখোৱা ৰাইজে ।

কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীপথাৰ গাঁৱৰ মূল পথছোৱা একেবাৰে জৰাজীৰ্ণ তথা বিধ্বস্ত হৈ পৰিছে । পথৰ মাজত সৃষ্টি হোৱা গাঁত বোকা পানীৰে ভৰি পৰিছে । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ৰুগীয়া ব্যক্তিসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত বছৰ-বছৰ ধৰি গাঁওবাসী ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে । যাৰ বাবে একাংশ পুৰুষ-মহিলাই মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ।

গাঁওবাসীয়ে বিধায়ক গৰাকীক বহু আবেদন-নিবেদন কৰাৰ পাচতো এই পথছোৱাৰ মেৰামতি তথা পুনৰ নিৰ্মাণত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ বিধায়ক গৰাকীৰ বিৰুদ্ধে । ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণত এই গাঁওখন নতুনকৈ ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত হোৱাত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ পৰা আশা কৰিছে গাঁওবাসীয়ে । অতি শীঘ্ৰেই এই পথ নিৰ্মাণ তথা মেৰামতি কৰি দিবলৈ এইবাৰ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : ভগ্ন দলঙৰ বাবে মন্ত্ৰী বিমল বড়াৰ সমষ্টিত নচলে এম্বুলেন্স

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.