thumbnail

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:41 PM IST

ETV Bharat / Videos

জৰাজীৰ্ণ অৱস্থাত জোনাইৰ নৱনিৰ্মিত পৰ্যটক ভৱন : পুনৰ উজ্জীৱিত কৰাৰ দাবী - Tourist Lodge Jonai

জোনাই, 24 জুলাই : জোনাইৰ নৱনিৰ্মিত পৰ্যটক ভৱনটো এতিয়া পৰিণত হৈছে ভূতবাংলালৈ ৷ বিগত কিছু বছৰ পূৰ্বে পৰ্যটন বিভাগৰ উদ্যোগত নিৰ্মাণ কৰা এই পৰ্যটক ভৱনটো ভূতবাংলালৈ পৰিণত হোৱা কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ জোনাই মহকুমা প্ৰশাসন আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ হেমাহিৰ কাৰণে এনেদৰে মুকলি কৰাৰ কিছু বছৰ পিচতে এফালৰ পৰা ভৱনটো জহি-খহি যোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ৷

অসম-অৰুণাচল সীমান্তৰ জোনাইত এটা পৰ্যটক ভৱনৰ প্ৰয়োজনীতাৰ কথা উল্লেখ কৰি তাক সম্পদ হিচাপে ব্যৱহাৰ কৰাৰ বিপৰীতে জোনাই মহকুমা প্ৰশাসন আৰু বিভাগটোৱে কেৱল চৰকাৰৰ ধন অপচয় কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে তেওঁ ৷ ইফালে ভৱনটোৰ ভিতৰৰ বিভিন্ন অংশ জহি-খহি যোৱাৰ লগতে বিভিন্ন সময়ত ভিতৰচ’ৰাত অপকৰ্ম কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ উপৰিও নৱ-নিৰ্মিত ভৱনটো এতিয়া অসামাজিক কৰ্মস্থলীলৈ ৰূপান্তৰ হোৱাৰ অভিযোগ কৰিছে AJYCP ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ৷ গতিকে সময় থাকোঁতেই জোনাই মহকুমা প্ৰশাসনৰ লগতে বিভাগটোৱে অতি শীঘ্ৰে ভৱনটো মেৰামতি কৰি পুনৰ উজ্জীৱিত কৰাৰ দাবী তুলিছে সংগঠনটোৱে ৷

লগতে পঢ়ক : ভূ-মাফিয়াৰ দপদপনি: অধিবক্তাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি বেদখলৰ অভিযোগ - Land Mafia

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.