ৰাষ্ট্ৰীয় যুৱ উশ্বু চেম্পিয়নশ্বিপত সোণৰ পদকেৰে জিলিকিল ধনশিৰিৰ পূজা লিম্বু - National Youth Wushu Championship - NATIONAL YOUTH WUSHU CHAMPIONSHIP
🎬 Watch Now: Feature Video
Published : Aug 6, 2024, 3:41 PM IST
সৰুপথাৰ, ৬ আগষ্টঃ সৰুপথাৰলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে আন এগৰাকী খেলুৱৈয়ে । এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদকেৰে জিলিকিল সৰুপথাৰ মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী পূজা লিম্বু । তামিলনাডুত অনুষ্ঠিত ২৩ সংখ্যক ৰাষ্ট্ৰীয় যুৱ উশ্বু চেম্পিয়নশ্বিপৰ ৬০ কেজি শাখাত অংশগ্ৰহণ কৰি পূজা লিম্বুৱে সোণৰ পদক অৰ্জন কৰিছে ।
অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট ধনতোলা গাঁৱৰ নিবাসী গজেন্দ্ৰ লিম্বু আৰু কমলা লিম্বুৰ কন্য়া পূজা লিম্বুৱে ২০২০ চনত ক্ৰীড়াৰ ক্ষেত্ৰখনত প্ৰবেশ কৰিছিল । বৰ্তমান সময়ত পূজাই হাতীডুবি উশ্বু একাডেমিত মাষ্টাৰ অমৰ সিং লিম্বুৰ ওচৰত প্ৰশিক্ষণ লৈ আছে । পূজা লিম্বুৱে ইয়াৰ পূৰ্বেও ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিছিল । পূজাৰ সফলতাত সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ প্ৰাপ্তি ঠাকুৰৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী তথা উৰিয়ামঘাট ধনতোলাবাসীয়ে গৌৰৱ অনুভৱ কৰিছে ।