ই ভি এম লৈ ভোটকেন্দ্ৰলৈ ৰাওনা পুলিং-প্ৰিজাইডিং বিষয়া - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/24-04-2024/640-480-21305867-thumbnail-16x9-dimahasao-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Apr 24, 2024, 8:19 PM IST
হাফলং,২৪ এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ দৰং-ওদালগুৰি, নগাঁও, কাছাৰ, কৰিমগঞ্জ আৰু ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচন ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব । ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত হাফলং বিধানসভা কেন্দ্ৰৰ ভোটকেন্দ্ৰৰ নিৰ্বাচনৰ বাবে প্ৰথম পৰ্যায়ত আজি ডিমা হাছাও জিলাৰ ৮৬ টা ভোট গ্ৰহণ কেন্দ্ৰৰ পুলি প্ৰিজাইডিং বিষয়াসকল নিজৰ গন্তব্য স্থানৰ উদ্দেশ্যে ৰাওনা হৈছে । ডিমা হাছাও জিলাৰ ২৫৪ টা ভোটগ্ৰহণ কেন্দ্ৰৰ মাজতে বুধবাৰে ডিমা হাছাও জিলাৰ প্ৰত্যন্ত চেমখৰ জিনামভেলী উমৰাংচু আদিকে ধৰি প্ৰত্যন্ত অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পুলিং প্ৰিজাইডিং বষয়াসকল ভোটৰ সামগ্ৰী ইভিএম আদি লৈ হাফলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ৰাওনা হৈছে ।
বৃহস্পতিবাৰে ডিমা হাছাও জিলাখনৰ ১৬৮ টা ভোট কেন্দ্ৰৰ ভোট কেন্দ্ৰ বাবে কৰ্মীসকল নিজৰ গন্তব্যৰ উদ্দেশ্যে ৰাওনা হ'ব । ২৬ এপ্ৰিলৰ পুৱা ৭ টা বজাৰ পৰা বিয়লি ৫ বজালৈকে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ইতিমধ্যে সুষ্ঠ আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ডিমা হাছাও জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । নিৰ্বাচনৰ বাবে ডিমা হাছাও জিলাত অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক: ২০১ টা ভোটকেন্দ্ৰলৈ বুলি ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী - Lok Sabha Election 2024