বৰপেটাত ভিৰৰ সুযোগ লৈ শ্ব'পিং মলত পকেটমাৰে লুটিলে গ্ৰাহকক - Pickpocket terror in Barpeta - PICKPOCKET TERROR IN BARPETA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 10:10 PM IST

বৰপেটা, ১৫ জুন: বৰপেটাত ঈদৰ বজাৰত ভিৰৰ সুযোগ লৈ পকেটমাৰৰ হাত চাফাই ৷ বৰপেটাৰ এটা মলত শনিবাৰে ঈদৰ বজাৰত ভিৰৰ সুযোগ লৈ পকেটমাৰে কেইবাগৰাকী গ্ৰাহকৰ পৰা লুটিলে ধন ৷ এই শ্বপিং মলটোত হোৱা ভিৰৰ সুযোগ লৈ ৫ গৰাকীকৈ গ্ৰাহকৰ পৰা লুটিলে ধন ৷  

বজাৰ কৰিবলৈ অহা গ্ৰাহক মৰিয়ম আহমেদ, শ্বৰিফা খাতুন, ৰেহেনা পাৰৱীন, কদভানু নামৰ গ্ৰাহক কেইগৰাকীৰ মানিবেগত থকা ধনৰ লগতে আন কেতবোৰ প্ৰয়োজনীয় নথিও চুৰি কৰে ৷ ইপিনে, পকেটমাৰৰ এই ঘটনাক লৈ ভুক্তভোগী গ্ৰাহকসকলে শ্ব'পিং মলৰ সুৰক্ষা ব্যৱস্থাত থকা ত্ৰুটিৰ বাবেই এনেদৰে পকেটমাৰে গ্ৰাহকৰ পৰা ধন লুট কৰিবলৈ সুবিধা পোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷ বিশেষকৈ শ্ব'পিং মলত প্ৰয়োজনীয় চিচিটিভি কেমেৰা নথকাৰো অভিযোগ কৰিছে ভুক্তভোগী গ্ৰাহকসকলে ৷

এইক্ষেত্ৰত মল কৰ্তৃপক্ষক উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী গ্ৰাহকসকলে ৷ ইতিমধ্যে ভুক্তভোগীয়ে বৰপেটা থানাৰ আৰক্ষীক এই ঘটনা সন্দৰ্ভত অৱগত কৰিছে ।

লগতে পঢ়ক:আপোনাৰ চুৰি হোৱা ম'বাইলটো ঘূৰাই পোৱা নাই নেকি ? আহক মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ - Guwahati City Police

মঙলদৈত চোৰ, প্ৰৱঞ্চকৰ উপদ্ৰৱ, একেদিনাই লুটিলে দুগৰাকীক - Theft Incident In Mangaldoi

চোৰে লুটিলে ২৫ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ-নগদ ধন - Theft Incident In Guwahati

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.