আমগুৰিত বিশুদ্ধ খোৱাপানীৰ বাবে ৰাইজৰ হাহাকাৰ : প্ৰতিবাদ গঞাৰ - drinking water crisis in amguri
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-03-2024/640-480-20956600-thumbnail-16x9-hhh-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Mar 11, 2024, 2:52 PM IST
আমগুৰি, ১১ মাৰ্চ : ৰাজ্যত জল জীৱন মিছন আঁচনিৰ যোগেদি প্ৰত্যেকটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰিছে । কিন্তু ইয়াৰ পিচতো শিৱসাগৰ জিলাৰ আমগুৰিত এতিয়াও বিশুদ্ধ খোৱাপানী বিচাৰি বহু পৰিয়ালে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । সদ্যবিলুপ্ত আমগুৰি সমষ্টিৰ বাউলীপুখুৰী শেনচোৱাৰ চাৰিখনকৈ গাঁৱৰ লোকে লাভ কৰা নাই বিশুদ্ধ খোৱাপানী ।
আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত শেনচোৱা পানী যোগান আঁচনি বিসংগতিপূৰ্ণ ভাৱে নিৰ্মাণৰ বাবেই বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত দুই শতাধিক পৰিয়াক । ফলত স্থানীয় মহিলাসকলে হাতে হাতে খালি বাল্টিং লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজে "আমাক পানী লাগিবই", "জনস্বাস্থ্য কাৰিকৰী বিভাগ হায় হায়" ইত্যাদি শ্ল'গানেৰে প্ৰতিবাদী মহিলাই বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ বিভাগটোক দাবী জনায় ।
উল্লেখ্য যে অঞ্চলটোত বাউলীপুখুৰী শেনচোৱা পানী যোগান আঁচনি আছে যদিও সঠিকভাৱে ৰূপায়ণ নোহোৱাত দুশৰো অধিক পৰিয়ালে পানীৰ পৰা বঞ্চিত হৈ আছে। যি সময়ত ৰাজ্য চৰকাৰে ঘৰে ঘৰে জল, ঘৰে ঘৰে নল আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে বাউলী পুখুৰী শেনচোৱা গাঁৱত মহিলাই প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাটোৱে তাৎপৰ্য বহন কৰিছে ।
লগতে পঢ়ক:কাণষাৰ নাই চৰকাৰৰ; উপাহবিহীন জনতাই মেৰামতি কৰিলে ৰঙিয়াৰ বিধ্বস্ত পথ